Jak Herua Pokhi – Penned by Latu Gogoi – “Xobdophool”

“জাক হেৰুৱা পখী” গীতটিৰ দ্বাৰা কব খোজা কথা বোৰ শ্ৰোতাই একোটাকৈ নিজা নিজা কাহিনীৰ ৰূপ দিব পাৰে !
গীতটিৰ আহ্বান – হাহাকাৰময় পৰিস্থিতিটো নিজকে উজাৰি দিয়াৰ এক প্ৰত্যাহ্বান…
____________________________________________
কথা :

জাক হেৰুৱা পখী

আঘাতে নোৱাৰে ৰুধিব

যুঁজাৰু মানসেৰে নেওচিমেই

মোৰ অভিলাষৰ দৃঢ় পৰিধি;

দূৰ অভিযানৰ পতাকাখনি ।
                                                 
মোৰ

মহাৰণ

পৰিভ্ৰমণ

সুপ্ত ক্ৰন্দন,

মোৰ

তৰ্পন

লক্ষ্যভেদী মন

দিশ নিৰূপণ ।

জাক হেৰুৱা পখী…
___________________________________________

যন্ত্ৰণাবোৰ এই ভ্ৰমণতে ইন্ধন হৈ পূৰি যায়,

ঘনঘোৰ তমসা নাশি

হয়তো এদিন দুহাতেৰে ধৰি

এমুঠি পোহৰ লৈ উভতিম পঁজালে…

জননীৰ কোলালে বুলি,

জিঞ্জিৰি দেহৰ খুলি,

লহিয়ামেই ৰাঙলি বেলি এদিন…

জাক হেৰুৱা পখী
assamese songjak herua pokhilatu gogoi jintunew assamese song 2021xobdophool
Comments (0)
Add Comment