1867, 28 February – Chandrakumar Agarwala’s birthday

আজি কবি, লেখক চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ওপজা দিন। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ ভিতৰত প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱ আছিল অন্যতম। তেখেতে ৰচনা কৰা ‘বনকুঁৱৰী’য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা।তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। বনকুৱঁৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম। […]

Lachit Borphukan Birthday

আজি বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী । শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা […]

শ্যামলিমা

কিয়নো শ্যামলিমা সমাজিকতে পুলকিত ?সঘনাই জোনাকী পৰুৱা হৈ উজাগৰে মই ! খৰাং মৃত নদীতে এজাক বৰষুণ হৈ,যৌৱন লালিমা সানিছা তৃষ্ণাতুৰ দেহত (বৈ)। তুমি যদি ডিঙা হোৱামই হ’ম নাৱৰীয়া;তুমি যদি সুৰ হোৱামই শব্দ অৱবাহিকা । কিয়নো অগাভেটা কৰ নিলাজী পৱন ?কেতিয়াবা জালী-কটা সুৰুঙাৰে বিকিৰণ !খৰাং মৃত পৰতে এবাৰ সঞ্জীৱনী হৈ,তুমি চেতনা আনিছা তৃষ্ণাতুৰ দেহত (বৈ) সঞ্চিত […]

Nibandha – Written by Latu Gogoi – Xobdophool

নিবন্ধ খ-জল চেঁচা দলিচা পাৰি,ঘণিত হৈ ৰূপোৱালী ।শৰতৰ মাদকতা ঢালি দি,পলকতে ছন্দ হেৰুৱালি ! মায়াবনৰ কাকলিআজি তোলৈ বৰ মনত পৰিল ।যদিও নাই আজৰি,তথাপিও এদিন দেখা পাবি । মোৰ নিবন্ধতে জীৱন্ত হৈআছে তোৰ বাবে প্ৰতিটো শাৰী ।আলফুলে সযতনে অতীতৰ সাঁচতীয়া চানেকী । দেউদী যাওঁ দেখা নাপাওঁ,গ্ৰহণৰে দশা চলিছে !একা বেকা বাটেৰে মোৰনিৰলস খোজ থমকে । তিৰবিৰণি […]

অৰণ্য মানৱ,পৰিৱেশ কৰ্মী যাদৱ পায়েং ডাঙৰীয়াৰ আজি জন্মদিন।

মুলাই তেখেতৰ উপনাম। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে ‘মুলাই কাঠনি’ নামেৰে নামকৰণ কৰা হৈছে।ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ। ১৯৮০ চনত […]