http://xobdophool.com/
Latu Gogoi Jintu

Nibandha – Written by Latu Gogoi – Xobdophool

2 748

নিবন্ধ

খ-জল চেঁচা দলিচা পাৰি,
ঘণিত হৈ ৰূপোৱালী ।
শৰতৰ মাদকতা ঢালি দি,
পলকতে ছন্দ হেৰুৱালি !

মায়াবনৰ কাকলি
আজি তোলৈ বৰ মনত পৰিল ।
যদিও নাই আজৰি,
তথাপিও এদিন দেখা পাবি ।

মোৰ নিবন্ধতে জীৱন্ত হৈ
আছে তোৰ বাবে প্ৰতিটো শাৰী ।
আলফুলে সযতনে অতীতৰ সাঁচতীয়া চানেকী ।


দেউদী যাওঁ দেখা নাপাওঁ,
গ্ৰহণৰে দশা চলিছে !
একা বেকা বাটেৰে মোৰ
নিৰলস খোজ থমকে ।

তিৰবিৰণি নীহাৰিকা বোৰৰ
পাৰ নোপোৱা উপমা চোন !
কোনো ভাষা নাই বুজাবলে তোক,
ওলাবনে সময় চকু ফুৰাবৰ ?

মায়াবনৰ কাকলি
আজি তোলৈ বৰ মনত পৰিল ।
যদিও নাই আজৰি,
তথাপিও এদিন দেখা পাবি ।

মোৰ নিবন্ধতে জীৱন্ত হৈ
আছে তোৰ বাবে প্ৰতিটো শাৰী ।
আলফুলে সযতনে অতীতৰ সাঁচতীয়া চানেকী ।


2 Comments
  1. Sayanika says

    Beautiful

  2. Arijit says

    Wonderful song

Leave A Reply

Your email address will not be published.