http://xobdophool.com/
Latu Gogoi Jintu

শ্যামলিমা

0 655

কিয়নো শ্যামলিমা সমাজিকতে পুলকিত ?
সঘনাই জোনাকী পৰুৱা হৈ উজাগৰে মই !

খৰাং মৃত নদীতে এজাক বৰষুণ হৈ,
যৌৱন লালিমা সানিছা তৃষ্ণাতুৰ দেহত (বৈ)।

তুমি যদি ডিঙা হোৱা
মই হ’ম নাৱৰীয়া;
তুমি যদি সুৰ হোৱা
মই শব্দ অৱবাহিকা ।

কিয়নো অগাভেটা কৰ নিলাজী পৱন ?
কেতিয়াবা জালী-কটা সুৰুঙাৰে বিকিৰণ !
খৰাং মৃত পৰতে এবাৰ সঞ্জীৱনী হৈ,
তুমি চেতনা আনিছা তৃষ্ণাতুৰ দেহত (বৈ)

সঞ্চিত অনুৰণন অনুৰতি লহৰতে,
মধুময় জ্যোতিকণা বয় দশোদিশে ।

তুমি যদি ডিঙা হোৱা
মই হ’ম নাৱৰীয়া
তুমি যদি সুৰ হোৱা
মই শব্দ অৱবাহিকা ।

Leave A Reply

Your email address will not be published.