অৰণ্য মানৱ,পৰিৱেশ কৰ্মী যাদৱ পায়েং ডাঙৰীয়াৰ আজি জন্মদিন।

মুলাই তেখেতৰ উপনাম। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে ‘মুলাই কাঠনি’ নামেৰে নামকৰণ কৰা হৈছে।ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ। ১৯৮০ চনত তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। বৰ্তমান সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। কেইবিধমান মূল্যবান উদ্ভিদ হ’ল: অৰ্জুন, এজাৰ, গোলমোহৰ, কৰৈ, মজ, শিমলু আদি। প্ৰাণীৰ ভিতৰত গঁড়, ঢেঁকীয়াপতীয়া বাঘ, হৰিণা, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই, শগুন আদিয়েই প্ৰধান। নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (ফৰেষ্ট মেন অৱ ইণ্ডিয়া) উপাধি প্ৰদান কৰিছে। ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

১৯৫৯ চনৰ ৩১ অক্টোবৰৰ দিনা অৰণ্য মানৱ,পৰিৱেশ কৰ্মী যাদৱ পায়েং ডাঙৰীয়াৰ জন্মদিন। শব্দ ফুলৰ তৰফৰ পৰা অৰণ্য মানৱ,পৰিৱেশ কৰ্মী যাদৱ পায়েং ডাঙৰীয়ালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা।

assamforest manforest man of Indiajadav payengmolaithe molai forestxobdophool
Comments (4)
Add Comment
  • Dimbeswar Das

    Happy birthday

  • Ashim Das

    Happy birthday 🎂

  • Sayanika

    happy birthday

  • Arijit

    Happy birthday