1867, 28 February – Chandrakumar Agarwala’s birthday

আজি কবি, লেখক চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ওপজা দিন। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ ভিতৰত প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱ আছিল অন্যতম। তেখেতে ৰচনা কৰা ‘বনকুঁৱৰী’য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা।
তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল।

বনকুৱঁৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম। আগৰৱালা দেৱে ১৯১৮ চনত ডিব্ৰুগড়ৰ পৰা “অসমীয়া” নামেৰে এখন বাতৰি কাকত প্ৰকাশ কৰে।

assamese blogassamese writerassamese writingchandrakumar agarwalaxobdophool
Comments (0)
Add Comment